মুস্তাক আহমেদ

জুৰীয়া 

২৫ অক্টোবৰ

জুৰীয়াত গাঁও পঞ্চায়তৰ গুদামৰ পৰা উদ্ধাৰ চুৰিৰ সমগ্ৰী। জেঙুনী গাঁও পঞ্চায়তৰ গুদামৰ পৰা ১৬ লাখ টকাৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ। ট্ৰাক হাইজেক ঘটনাৰ লগত জেঙুনী গাওঁ পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী জড়িত থকাৰ সন্দেহ।

নগাঁও জিলাৰ জুৰীয়াৰ জেঙুনী গাঁও পঞ্চায়তৰ গুদামৰ পৰা শনিবাৰে নিশা ১৬ লাখ টকাৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে নিশা জুৰীয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জেঙুনী গাঁও পঞ্চায়তৰ গুদামৰ পৰা ১৬ লাখ টকাৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গুৱাহাটী বেলতলাৰ পৰা শিলচৰ অভিমুখে গৈ থকা এএছ-০১-জেচি-১০৯৭ নম্বৰৰ মাল ভৰ্তী ১৬ চকীয়া ট্ৰাক এখন হাইজেক হৈছিল আৰু উক্ত ট্ৰাকত থকা সমগ্রীখিনি জুৰীয়া আৰক্ষীয়ে জেঙুনী গাঁও পঞ্চায়তৰ গুদামৰ পৰা উদ্ধাৰ কৰে। পঞ্চায়তৰ গুদামৰ পৰা আৰক্ষীয়ে ২৫ কেজি ওজনৰ ৪৫৫ বেগ দলি, ২০ কেজি ওজনৰ ২৭৫ বেগ ছয়াবিন আৰু ৫ কেজি ওজনৰ ১০০ বেগ ছয়াবিন উদ্ধাৰ কৰে।

পঞ্চায়তৰ গুদামৰ পৰা এই বৃহৎ পৰিমাণৰ চুৰিৰ সামগ্ৰী উদ্ধাৰ হোৱাত ট্ৰাক হাইজেকৰ ঘটনাৰ লগত জেঙুনী গাওঁ পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ হৈছে। ইতিমধ্যে গুৱাহাটীত বশিষ্ঠ আৰক্ষীয়ে হাইজেক হোৱা ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক জনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।