বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ২৭ জুলাইঃ অসীম সাহসেৰে বিভিন্ন অসাধাৰণ কাম সাধন কৰা বিশ্বনাথ জিলাৰ চতিয়াৰ ২৬ বছৰীয়া বসন্ত দাস। চতিয়াৰ গুণৰাম দাসৰ পুত্ৰ বসন্ত দাস দুঃসাহসিক কলা-কৌশলী আৰু সমৰকলাৰ এগৰাকী প্ৰশিক্ষক। ইতিমধ্যে বিভিন্ন দুঃসাহসিক কলা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২৫ টাকৈ পদক লাভ কৰিবলৈও সক্ষম হৈছে। তদুপৰি, তেওঁ ইণ্টাৰনেশ্যনেল অ’নডাৰ বুক অব ৰেকৰ্ডৰ অসমৰ ক’-অৰ্ডিনেটৰ হিচাপেও নিযুক্তি লাভ কৰিছে। ২০১৫ চনৰ ২১ নৱেম্বৰত ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ গহপুৰৰ গমিৰিঘাটৰ পৰা কলিয়াভোমোৰা দলঙলৈ ১৪১ কি. মি. একেৰাহে ১২ ঘণ্টা ৫ মিনিটত সাঁতুৰি অভিলেখ সৃষ্টি কৰিছিল। তেওঁ সাঁতুৰি থকা অৱস্থাতে বাঁহী, পেঁপা, শংখ, তাল আদি বাদ্য বজাই চমক সৃষ্টিও কৰিছিল। এই প্ৰদৰ্শনেৰে বসন্ত দাসে “ই্ণ্ডিয়া বুক অব ৰেকৰ্ডচ, এচিয়ান বুক অব ৰেকৰ্ডচ, এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচ, আচাম বুক অব ৰেকৰ্ডচ এভাৰেষ্ট বুক অব ৰেকৰ্ডচ, জিনিয়াছ বুক অব ৰেকৰ্ডচ, অনলাইন ৱৰ্ল্ড ৰেকৰ্ডচ, ইউ আৰ এফ গ্ল’ৱেল এৱাৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম আদিত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত বিগত পহিলা এপ্ৰিলত তেওঁ পুনৰ বুৰৈ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ মুঠ ২০ কি. মি. দূৰত্ব ১-৩০ মিনিটত সাঁতুৰি অতিক্ৰম কৰিছিল। বসন্ত দাসে সাঁতোৰাৰ উপৰিও ২০১৩ চনৰ ২৬ জুলাইত মটৰ চাইকেলৰ হেণ্ডেল স্পৰ্শ নকৰাকৈ ৭৫ কি. মি. চলোৱাৰ উপৰিও চলন্ত অৱস্থাত ঢোল, তাল, বাঁহী, মঁ’হৰ শিঙৰ পেঁপা, শংখ, খোল-ডগৰ, নাগাৰা আদি বজাই অভিলেখ সৃষ্টি কৰি ইণ্ডিয়ান বুক অব ৰেকৰ্ডচ আৰু এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচকে ধৰি মুঠ ১৩টা অভিলেখ গঢ়িবলৈ সক্ষম হয়। নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত অসমলৈ আৰু অধিক সুনাম কঢ়িয়াই অনাৰ দুৰ্বাৰ হেঁপাহ প্ৰতিভাৱান খেলুৱৈ বসন্ত দাসৰ। কিন্তু দুখৰ বিষয় যে বিগত সপ্তাহ ধৰি জাপানিছ এনকেফাইলাটিজ ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাবে অসুস্থ হৈ তেজপুৰৰ মিছন হস্পিটালৰ আই চি ইউত ভৰ্তি হৈ শয্যাগত হৈ আছে । আৰ্থিক অসুবিধাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱ হৈছে আৰু লগতে আৰ্থিক সমস্যাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা ল’ব পৰা নাই। সেয়ে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছে বসন্ত দাসে। নিজৰ মাতৃ ভুমিৰ নাম উজলাবৰ বাবে দুঃসাহসিক যুজ কৰা বসন্তক মাত্ৰ অকণমান সহায়ৰ প্ৰয়োজন।