গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বেট বলৰ যুদ্ধত অৱতীৰ্ণ হব ভাৰত আৰু পাকিস্তান। গুৱাহাটীত অনুষ্ঠিত হব লগা এই যুদ্ধৰ বাবে ইতিমধ্যে পাকিস্তান দলে লাভ কৰিছে ভিজা। ভাৰতৰ লগতে বিশ্বেৰ আঠখনকৈ দেশে অংশগ্ৰহণ কৰিব এই বেট আৰু বলৰ যুদ্ধত। অহা ২২ এপ্ৰিলৰ পৰা পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব লগা প্ৰেচিডেনটিয়েল কাপৰ বাবে পাকিস্তান, শ্ৰীলংকা, নেপালৰ লগতে আঠখনকৈ দেশৰ খেলুৱৈ আহিব গুৱাহাটীত।মঙলবাৰে গুৱাহাটী নেহৰু ষ্টেডিয়ামত অসম বেছবল সন্থাৰ ফলৰ পৰা অনুষ্ঠিত কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দিয়া হয়। অসম বেছবল সন্থাই অসমত পোন প্ৰথমবাৰৰ বাবে অহা ২২ এপ্ৰিলৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়াম আৰু সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰিব বেছবল প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে ইৰাণ অনুষ্ঠিত হোৱা প্ৰেচিডেনটিয়েল কাপৰ বাবে মহানগৰীত আহিব বেছবল খেলা আঠখনকৈ দেশৰ খেলৱৈ। অসম তথা উত্তৰ পূবত বেছবলৰ প্ৰচাৰৰ উদ্দেশ্যে অসম বেছবল সন্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে সন্থাৰ ফলৰ পৰা। ক্ৰিকেটৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুঁজত যিদৰে ৰাইজ উত্তেজিত হৈ পৰে ঠিক তেনে এক উত্তেজনা গুৱাহাটীতো দেখিবলৈ পোৱা যাব যেতিয়া বেট আৰু বল লৈ দুয়োখন দেশৰ খেলৱৈ ষ্টেডিয়ামত বেছবল খেলিবলৈ নামিন বুলি আশা কৰিব পাৰি।
গুৱাহাটীত ভাৰত আৰু পাকিস্তানৰ মাজত হব বেট-বলৰ যুদ্ধ
In ক্ৰীড়াংগন
You may also read!

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আকৰ্ষণীয় ৰূপত খিতাপৰ যুঁজ: শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা
Read More...
৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ডাউ ডাউকৈ জ্বলিল মালবাহী ট্ৰাক
বাইহাটা চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ৩৬৫, ১৭ফেব্ৰুৱাৰী: বাইহাটাৰ কেন্দুকোনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১ নং
Read More...
সন্ত্ৰাসবাদীৰ আক্ৰমনত বীৰ শ্বহীদ সকলৰ আত্মাৰ শান্তি কামনাৰে জনীয়াত সামূহিক দোৱা-প্ৰাৰ্থনা
জনীয়া, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ দিয়া দেশৰ ৪৪ জনকৈ বীৰ
Read More...