গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থী সকলে অহা ১১ মে’ত আয়োজন কৰিবলৈ লৈছে “লোকৰংগম”। যিটো ভাওনা, পুতলা নাচ আৰু আলোচনা চক্ৰৰ সমাহাৰেৰে এক ভিন্নধৰ্মী অনুষ্ঠান।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া লোকৰংগমৰ আৰম্ভণি হ’ব বাক্কলহ নামৰ এটি আলোচনা চক্ৰৰে । “আঞ্চলিকতাবাদ, যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যম” এই বিষয়ৰ ওপৰত অসমৰ ৬ টাকৈ সংগঠন ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, এন এছ ইউ আই আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি উপস্থিত থাকিব। এই আলোচনা চক্ৰটো পৰিচালনা কৰিব অসমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে ।

ইয়াৰোপৰি, সন্ধিয়া ৬.৩০ বজাত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত বিভাগৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰিব এখন পুতলা নাচ। নাম ” আহামুখৰ প্ৰদেশ, ফাংচালিৰ ভেশ ” যিখন বৰ্তমানৰ বিভিন্ন সমস্যা যেনে ভুৱা খবৰ, উৰা বাতৰি, পথ সুৰক্ষা আদি বিভিন্ন বিষয়ৰ ওপৰত সামাজক সজাগ কৰাৰ উদ্দেশ্য আয়োজন কৰা হৈছে ।

সন্ধিয়া ৭ বজাত উক্ত মঞ্চতে ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাৰে মঞ্চত প্ৰদৰ্শন কৰিব অংকীয়া নাট “ৰুক্মিণী হৰণ ” য’ত পোন প্ৰথম বাৰৰ বাবে ভাওনাত পৰীক্ষামূলকভাৱে উন্নয়নমূলক বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে।