গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : অহা ৩ আৰু ৪ মে’ত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেল পথাৰত গুৱাহাটী ৰঙালী বিহু উৎসৱ ২০১৯ উদযাপন কৰিবলৈ লোৱা হৈছে । বিগত বছৰৰ দৰে এইবাৰো দুদিনীয়া বৰ্ণাঢ্য আৰু পৰম্পৰাগত সাংস্কৃতিক সম্ভাৰ লৈ গুৱাহাটী ৰঙালী বিহু উৎসৱ পালন কৰাৰ যো-জা চলোৱা হৈছে ।

উক্ত ৰঙালী উৎসৱত বিহুপ্ৰেমী তথা জাতীয় দায়বদ্ধৰ সহায়-সহযোগিতা আৰু অংশগ্ৰহণৰ কামনা কৰিছে আয়োজক মণ্ডলীয়ে। আয়োজক মণ্ডলীয়ে লগতে কয় যে এইবাৰৰ বিহু মৰা হ’ব অৰ্থনৈতিক উন্নয়নৰ কাৰণে ।

অহা ৩ মে’ত পুৱা ৯ বজাৰ পৰা পতাকা উত্তোলন , স্মৃতি তৰ্পন, শ্বহীদ তৰ্পন,বিভিন্ন ধৰণৰ খেল-ধেমালিৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়া বিশিষ্ট গায়ক কুল বৰুৱাই উদ্বোধন কৰিব। আনহাতে ৪ মে’ত পুৱাৰ পৰা আৰম্ভ হব কণ কণ ছাত্ৰ-ছাত্ৰী ছবি অঁকা প্ৰতিযোগিতাৰ লগতে অসমীয়াৰ জাতীয় দুৰ্যোগ আৰু সুৰক্ষাৰ পথৰ ওপৰত এলানি আলোচনা চক্ৰ হ’ব। ইয়াৰ পাছতে আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হব।

গুৱাহাটী ৰঙালী বিহু উৎসৱ সমিতিৰ মুখ্য পৃষ্ঠপোষক প্ৰশান্ত কুমাৰ দত্তই পি পি পি পি প্ৰজেক্ট আৰম্ভ কৰি তাৰ দ্বাৰা ব্ৰহ্মপুত্ৰ খনন কৰি বানপানী সমস্যাৰ সমাধানৰ কথাও সংবাদমেলত উল্লেখ কৰে । ইতিমধ্যে উক্ত প্ৰজেক্টৰ বাবে ৩৫০ জন ল’ৰাক প্ৰশিক্ষণ দি থকা হৈছে আৰু অতি সোনকালেই এই কাম আৰম্ভ হব । তেখেতে কয় যে ব্ৰহ্মপুত্ৰ থাকিলে অসমৰ কোনো মানুহ দুখীয়া হব নালাগে।