গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মেঃ ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত বিভিন্ন সময়ত নিচাজাতীয় সামগ্ৰীৰ লগতে চোৰাং সামগ্ৰী উদ্ধাৰ কৰি থকা সময়তে দেওবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ হাতীৰ দাঁত। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই দুজন লোকৰ পৰা ৬ কেজি ওজনৰ ২৪ টুকুৰা হাতীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ধৃত সুৰজ কুমাৰ দাস আৰু বদৰুল হুছেইন নামৰ চোৰাং ব্যৱসায়ী দুজন উদ্ধাৰ হোৱা হাতীৰ দাঁত হোজাই পৰা নেপাললৈ নিয়াৰ পৰিকল্পনা কৰোতে গুৱাহাটী ৰে’ল ষ্টেচনত ধৰা পৰে। উল্লেখ্য যে উদ্ধাৰ হোৱা হাতীৰ দাঁতৰ মূল্য ৩৫ লাক্ষাধিক টকা হ’ব।