গোসাঁইগাঁও, সংবাদ ৩৬৫, ৫ অক্টোবৰ: গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতী- মহিলা সকলক স্বাবলম্বী কৰাৰ বাবে এছ এছ বিৰ উদ্যোগত এমাহজুৰি এটি চিলাই প্ৰশিক্ষণ শিৱিৰৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয়। লুথাৰান ওৱাল্ড চাৰ্ভিচ ইণ্ডিয়া ট্ৰাষ্টৰ সহযোগত এছ এছ বিয়ে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত গ্ৰাম্যাঞ্চলৰ যুৱতী- মহিলা সকলক স্বাবলম্বী কৰাৰ বাবে শুকুৰবাৰে গোসাঁইগাঁও মহকুমাৰ গাঁও চুলকা গাঁৱত এটি প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ কৰে। ভৰপুৰ ভি চি ডি চিৰ সভাপতি মাঝি হেমব্ৰমে উদ্বোধন কৰা উক্ত শিৱিৰত টেইলোৰিং, ডিজাইনিং, কাটিং আৰু চিলাই কৰা কামত নিপুন আৰু দক্ষ কৰি তোলাৰ প্ৰশিক্ষণ দিয়া হব। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা শিৱিৰটো এমাহ ধৰি চলিব। শিৱিৰটোৰ উদ্বোধন উপলক্ষ্যে স্হানীয় বিশিষ্ট ব্যক্তি সকলৰ উপৰি এছ এছ বিৰ বহুকেইজন উচ্চপদস্হ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে অনুৰূপ আন এটি প্ৰশিক্ষণ শিৱিৰ গোসাঁইগাঁও মহকুমাৰ হাচৰাওবাৰীত আৰম্ভ কৰা হৈছে এছ এছ বিৰ এৰিয়া অৰগানাইজাৰ কোকৰাঝাৰৰ উদ্যোগত।