গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৮ মেঃ  গোৱালপাৰা জিলাৰ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিক সকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি কৰা, দালালৰাজ বন্ধ কৰা, ঠিকাভিত্তিক শ্ৰমিকক স্থায়ীভাৱে নিযুক্তি দিয়া, কৰ্মৰত অৱস্থাত শ্ৰমিক দুৰ্ঘটনাত পতিত হলে শ্ৰমিকক উপযুক্ত ক্ষতিপূৰন দিয়াৰ লগতে বিভিন্ন দাবীত কেবাশতাধিক শ্ৰমিকে হাতে হাতে প্লেকাৰ্ড, পোষ্টাৰ লৈ বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী শ্ৰমিক সকলে শ্ৰমিক সকলৰ সমস্যা সমুহ সমাধানৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰও প্ৰদান কৰে। মাটিয়া উদ্যোগিক বিকাশ কেন্দ্ৰৰ শ্ৰমিক সকলৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী শ্ৰমকি সকলে৷