গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুনঃ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে বৃহস্পতিবাৰে ২ বছৰ কাৰাদণ্ড বিহিছে। গুৰ্মিত সিঙ নামৰ হত্যাৰ অভিযুক্ত এজন লোকক আৰক্ষীৰ জিম্মাত নিৰ্যাতন চলোৱাৰ অভিযোগত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে অমিতাভ সিনহাক ২ বছৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমণাও বিহিছে। উল্লেখ্য যে ২০১৩ চনত তদানীন্তন মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই মহানগৰীৰ বশিষ্ঠ থানাত গুৰ্মিত সিঙ নামৰ হত্যাৰ অভিযুক্ত লোকজনক আৰক্ষীৰ জিম্মাত নিৰ্যাতন চলাইছিল। মহানগৰীৰ বশিষ্ঠত অজিত সিঙ নামৰ এজন ট্ৰাক চালক গুলীয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৰ্মিত সিঙক তদন্তৰ নামত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল অমিতাভ সিনহাৰ বিৰুদ্ধে। আৰক্ষীৰ জিম্মাত নির্যাতনৰ ভুক্তভোগী গুৰ্মিত সিঙে আদালতত তেওঁৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতন সবিশেষ বৰ্ণনা দিছিল। এই গোচৰতে বৃহস্পতিবাৰে কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে অমিতাভ সিনহাক দোষী সাব্যস্ত কৰে।