গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৯ মেঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যহত থকাৰ সময়তে বুধবাৰে গোৱালপাৰা জিলাত গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গোৱালপাৰা জিলা সাংবাদিক সন্থাই দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ লগতে জিলাখনৰ প্ৰায় কুৰিটাতকৈ অধিক দল সংগঠনে অংশগ্ৰহন কৰে৷ প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷