গৌৰীপুৰ, সংবাদ ৩৬৫, ৬ অক্টোবৰ: পিতৃৰ নামত কলংক সানিলে এটা লম্পট পিতৃয়ে। পিতৃ কন্যাৰ সম্পৰ্কত কালিমা সানিলে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনস্থ আটানী উপ আৰক্ষী চকীৰ অৰ্ন্তগত পিয়াজবাৰী প্ৰথমখণ্ড গাৱৰ এটা লম্পট পিতৃয়ে। শুকুৰবাৰে ধুবুৰীৰ গৌৰীপুৰত লম্পট পিতৃৰ এনে এক আমানৱীয় জঘন্য ঘটনাই জোকাৰি যায়। এইখন অসমতে নিজ পিতৃৰ হাতত ধৰ্ষনৰ বলি হবলগীয়া হ’ল এগৰাকী চৈধ্য বছৰীয়া কিশোৰী। ঘটনাৰ বিৱৰণীমতে, উক্ত পিয়াজবাৰী গাৱৰ লম্পট পিতৃ আছুৰ উদ্দিন মণ্ডলে নিজৰ চৈধ্য বছৰীয়া কন্যাক প্ৰায় ছমাহধৰি বলপূৰ্বকভাৱে যৌন আতিশয্য চলাই যায়৷ কিশোৰী গৰাকীৰ অভিযোগত মাতৃ আৰু কন্যাই পাষাণ পিতৃ গৰাকীক এনে নিৰ্লজ কাণ্ড কৰিবলৈ বাধা প্ৰয়োগ কৰে আনকি বুজাই মেলাইও অভব্য আচৰন বন্ধ কৰিব নোৱাৰে৷ কিশোৰীগৰাকীয়ে তাইৰ পিতৃৰ এনে জঘন্য কাণ্ডৰ কথা তাইৰ বুঢ়া ককাকক অৱগত কৰে। কিন্তু ঘটনা বিস্তাৰিত জনোৱাৰ পিছতো ককাকে মৌনতা অৱলম্বন কৰাৰ অভিযোগ কৰে কিশোৰী গৰাকীয়ে৷ পিছে কিশোৰীগৰাকীৰ মাতৃয়ে গাওখনৰ গাওঁৰক্ষী বাহিনী আৰু আমছুৰ একাংশ লোকক ঘটনাৰ অৱগত কৰে৷ শুকুৰবাৰে নিশা গাওঁৰক্ষী বাহিনীৰ সদস্য সম্পাদক আৰু কেইবাজনো আমছু কৰ্মীয়ে কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত অভিযান চলাই পাষাণ পিতৃ গৰাকীক হাতে লোটে আটক কৰি আটানী আৰক্ষী চকীত খবৰ কৰে৷ উল্লেখ্য যে নিশা এঘাৰ বজাত আটানী আৰক্ষীক খবৰ কৰাৰ পিছতো পুৱা ছয় বজাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও মহিলা কনিষ্টবল বিহীন উপস্থিত হয় আটানী পৰিদৰ্শক গৰাকী৷ পিছে পুৰুষ আৰক্ষীৰ হতুৱাই কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃৰ লগতে পাষাণ পিতৃ আৰু কিশোৰীগৰাকীৰ ককাকক থানালৈ লৈ যায়। মহিলা কনিষ্টবল বিহীন কিশোৰী আৰু মহিলাগৰাকীক নি আইন উলংঘন কৰি থানালৈ নিয়াত আটানী আৰক্ষীৰ বিৰুদ্ধে ৰাইজে তীব্ৰক্ষোভ ব্যক্ত কৰে৷ লগতে আটানী উপ আৰক্ষী চকীৰ অৰ্ন্তগত এলেকাত এনে কিছুমান অসামাজিক ঘটনা আনকি ছাতাগুৰি অঞ্চলৰ লাইন হোটেলত দীৰ্ঘদিন ধৰি চলি থকা দেহব্যবসায়ীৰ ঘটনাৰ অভিযোগৰ প্ৰতিও আটানী উপ আৰক্ষী চকীৰ পৰিদৰ্শক গৰাকীৰ মৌনতা অৱলম্বন কৰাৰ গুৰুতৰ অভিযোগ প্ৰকাশ কৰে ৰাইজে৷ ইপিনে উক্ত পাষাণ ব্যক্তিগৰাকীক ৰাইজে ফাষ্টট্ৰেক আদালতৰ জড়িয়তে ফাচীৰ দাবী জনাইছে৷