গৌৰীপুৰ, সংবাদ ৩৬৫, ৩ অক্টোবৰ: আজি অৰ্থাৎ বুধবাৰ ৩ অক্টোবৰ তাৰিখে গোৱালপৰীয়া লোকগীতৰ সম্ৰাগী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৪তম জন্ম জয়ন্তী। কিন্তু লোকগীতৰ সম্ৰাগী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম জয়ন্তীৰ দিনা গৌৰীপুৰ চহৰৰ মাজমজিয়াৰ গৌৰীপুৰ পূথিভৰাল প্ৰাঙ্গণত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তী জন্ম দিনত বুধবাৰে উপেক্ষিত হৈ থকা পৰিলক্ষিত হয়। গৌৰীপুৰৰ আন আন স্থানতো দেখা পোৱা নগ’ল পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম জয়ন্তী। আনহাতে গৌৰীপুৰৰ বেপাৰীপট্টিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত স্থাপিত নৱনিৰ্মিত এখন ব্যক্তিগত কলেজ কতৃপক্ষই পালন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা দেখা গ’ল গোৱাল পৰীয়া লোক সম্ৰাগী গৰাকীৰ জন্ম জয়ন্তী। প্ৰতিমা বৰুৱা পাণ্ডে কলেজ কতৃপক্ষই দিনজোৰা কাৰ্যসূচীৰে পালন কৰে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৪তম জন্ম জয়ন্তী৷ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু গান আদি কাৰ্যসূচীৰে অনুষ্ঠান চলোৱা হয়। উক্ত অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ স্বামী গংগা শংকৰ পাণ্ডে৷ কলেজ কতৃপক্ষৰ এই কাৰ্যসূচীত সন্তুষ্ট গংগা শংকৰ পাণ্ডে৷ প্ৰশ্ন হয় গোৱালপৰীয়া লোগসংগীতৰ জন্ম স্থানতেই নিশেষ হ’ব নেকি লোকগীতৰ সম্ৰাগী প্ৰতিমা বৰুৱা পাণ্ডেৰ মহত্ব?