গৌৰীপুৰত মৃতদেহ উদ্ধাৰ

In ৰাজ্য
Umra Package

আনিছুৰ আলী

গৌৰিপুৰ 

৩ অক্টোবৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ ৰে’ল ষ্টেচনৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ তলত মৃতদেহ উদ্ধাৰ৷ পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। মৃতদেহটো গৌৰীপুৰ ৪ নং ৱাৰ্ডৰ ৰাজু চৌহান নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।

শনিবাৰে পুৱাৰ ভাগতে ধুবুৰী জিলাৰ গৌৰীপুৰ ৰে’ল ষ্টেচনৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱাৰ ভাগত স্থানীয় কিছুমান লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি মৃতদেহটো গৌৰীপুৰ ৪ নং ৱাৰ্ডৰ ৰাজু চৌহান নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰিছে। মৃত ৰাজু চৌহান তিনি সন্তানৰ পিতৃ বুলি জানিব পৰা গৈছে। ৰাজু চৌহান শুকুৰবাৰে নিশাৰ পৰা সন্ধানহীন হৈছিল। ৰাজু চৌহানৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

স্থানীয় ৰাইজে মৃতদেহ উদ্ধাৰ হোৱা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসাললৈ প্ৰেৰন কৰিছে। এনে মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা নাই ।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu