গৌৰীপুৰ, সংবাদ ৩৬৫, ৩ অক্টোবৰ: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে পৰ্ব্বতঝোৰা জিলা আমছুৰ উদ্যোগত মাক্ৰীঝোৰাত বুধবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ প্রতিমুর্তি দাহ কৰে। অসম চৰকাৰৰ অন্যান্য মন্ত্ৰী আমোলা সকলৰ ছিণ্ডিকেটৰাজ বন্ধ কৰা , আমছু কৰ্মকৰ্তা সকলৰ ওপৰত চলাই থকা অত্যাচাৰ বন্ধ কৰা, গোলাঘাট জিলাৰ এছ পি তথা উৰিয়ামঘাট থানাৰ অ চিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা আৰু আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰা গোলাঘাট জিলা আমছুৰ কৰ্মকৰ্তা সকলক বিনাচৰ্তে মোকলাই দিয়াৰ দাবীত পৰ্ব্বতঝোৰা জিলা আমছুয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে গোলাঘাট জিলা আমছুৰ কর্মকর্তা সকলক বিনাচৰ্তে মোকলাই দিয়ক অন্যথাই আগন্তক দিনত ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ প্ৰদান কৰে।