গড়চুকত মুমুৰ্ষ অবস্থাত যুবতী উদ্ধাৰ

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ মঙলবাৰে মহানগৰীৰ গড়চুকত মুমুৰ্ষ অবস্থাত এগৰাকী যুবতী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গড়চুক আৰক্ষী চকীৰ অন্তৰ্গত লাচিতগড় হাইস্কুলৰ সমীপত মঙলবাৰে পুৱা স্থানীয় ৰাইজে তেজেৰে লুটুৰি পুতুৰি, অৰ্ধউলংগ আৰু মুমুৰ্ষ অৱস্থাত এগৰাকী যুৱতীক দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনুমানিক প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকাত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুৰ্বৃত্তই মহিলা গৰাকীক ধর্ষণ কৰি হত্যাৰ চেষ্টা চলাই মাৰধৰ কৰি পথত পেলাই গৈছে। জানিব পৰা মতে মহিলা গৰাকী মহানগৰীৰ গড়চুকস্থিত ওজা হোণ্ডাইত কৰ্মৰত আছিল আৰু মহিলা গৰাকী স্বামীৰ পৰা বিচ্চেদীত আছিল।

Comments

comments

You may also read!

ভোটদান সাব্যস্ত কৰিব আহি নতুন প্ৰজন্মৰ বিষ্ফোৰক মন্তব্য ” ফাৰ্ষ্ট এণ্ড লাষ্ট ভোট আমাৰ “

পশ্চিম গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ তথা ৫৪

Read More...

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিধান বৰুৱাৰ মন্তব্য-“ভোট এনেকুৱা এটা বুটামত দিয়া হৈছে যিটো কোনো পাৰ্টিৰ সপক্ষে নহয়”

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকলে । মহানগৰীৰ পাণ্ডুৰ

Read More...

দক্ষিণ কামৰূপৰ এটি আদৰ্শ ভোটকেন্দ্ৰ : পুলিং অফিচাৰৰ পৰা আৰক্ষীলৈ সকলো পৰিচালিত কৰিছে মহিলাই কৰ্মচাৰীয়ে

দক্ষিণ কামৰূপ ,সংবাদ ৩৬৫, ২৩ এপ্ৰিল : কামৰূপ গ্রাম্যৰ পলাশবাৰী সমষ্টিৰ এটি আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ । পলাশবাৰীৰ মিৰ্জা ছোৱালী

Read More...

Mobile Sliding Menu