হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৩০ জুলাই: ঘৰুৱা কন্দলক কেন্দ্ৰ কৰি মানকাচৰৰ ঝাউদাঙ্গাত সোমবাৰে পুৱতি নিশা এক ভয়াবহ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি উক্ত গাঁৱৰ আনছাৰ আলি মণ্ডলৰ জীয়েক লাইলি বেগম (২৬) তেওঁৰ স্বামী আফজাল হক (৩২) ছুৰীৰে হানি খুচি হত্যা কৰে। তাৰ পাছত হত্যাকাৰী স্বামী আফজালে নিজৰ বুকুত নিজে ছুৰীকাঘাত কৰি আত্মহত্যাৰ চেষ্টা চলায়। লগে লগে পৰিয়ালৰ আন সদস্যই হত্যাকাৰী স্বামীক উদ্ধাৰ কৰি মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও অৱস্থা সংকটজনক হোৱা বাবে গোৱালপাৰালৈ তেওঁক প্ৰেৰণ কৰে। হত্যাকাৰী স্বামীৰ ঘৰ গোৱালপাৰাৰ মটীয়া অঞ্চলত। পেছাত এজন গাড়ীচালক। বিবাহৰ পিছৰে পৰা হত্যাকাৰী স্বামীয়ে পত্নীৰ পিতৃ গৃহত বাস কৰিছিল। দুয়োৰে মাজত বিবাহৰ পিছৰে পৰা ঘৰুৱা কন্দল চলি আছিল বুলি জানিব পৰা গৈছে। ইফালে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ নিহত মহিলা গৰাকীৰ মৰুণোত্বৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।