গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যহত থকাৰ সময়তে মঙলবাৰে গুৱাহাটীৰ চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনে গণঅনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে। মঙলবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা গণঅনশন কাৰ্যসূচীত আছুসহ অসম সাহিত্য সভা, সদৌ অসম কৰ্মচাৰী পৰিষদ, ৮ টা জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপন কৰে। গণঅনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। গণঅনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বিতৰ্কিত বিধেয়কনখন বাতিল কৰাৰ দাবী জনায়।