গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন চাহ বাগিচা সমূহত বসবাস কৰা মহিলা সকলৰ বাবে ৰাজ্য চৰকাৰে সোমাবৰে আৰম্ভ কৰে এক আভিলাষী আঁচনি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলৰ বাবে শুভাৰম্ভ কৰে মজুৰি ক্ষতি পূৰণ আঁচনি। এই আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ অন্তৰ্গত গৰ্ভৱতী মহিলা সকলক প্ৰদান কৰা হ’ব ১২ হাজাৰ টকাৰ সাহায্য। সাধাৰণতে চাহ বাগিচা সমূহত কৰ্মৰত মহিলা সকল গৰ্ভৱতী অৱস্থাত কামৰ পৰা চুটি ললে মহিলা সকল মজুৰিৰ পৰা বঞ্চিত হ’ব লগা হোৱাত মহিলা সকলে চুটি নোলোৱাকৈ অতি কষ্টৰে কাম কৰিব লগাত পৰে। চাহ বাগিচাৰ মহিলা সকলৰ এই সমস্যা সামাধন কৰি গৰ্ভৱতী অৱস্থাত মহিলা সকলক পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পৰাকৈ চৰকাৰে এই আঁচনিৰ আৰম্ভণি কৰিছে। এই আঁচনিৰ অন্তৰ্গত চাহ বাগিচাৰ মহিলা এগৰাকী গৰ্ভধাৰণ কৰাৰ লগে লগে চৰকাৰে ২০০০ টকা প্ৰদান কৰিব। পুনৰ ছমাহ আৰু নমহাত চৰকাৰে মহিলা গৰাকীক ৪০০০ আৰু ৩০০০ টকা প্ৰদান কৰাৰ বিপৰীতে সন্তান জন্মৰ পিছত শিশু আৰু মাতৃৰ বাবে চৰকাৰে ৩০০০ টকা প্ৰদান কৰিব। এই আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৫ গৰাকী গৰ্ভৱতী মহিলাক ২০০০ টকাৰ চে’ক প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পাঁচ গৰাকী আশা কৰ্মীকো মোবাইল ফোনৰ চিম কাৰ্ড প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা, মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী পল্লৱ লোচন দাস, যোৰহাটৰ সংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত গায়ক নীল আকাশৰ ঝুমুৰ গীতত কঁকাল ভাঙি নৃত্য কৰে সংসদ কামাখ্যা প্ৰসাদ তাছা আৰু মন্ত্ৰী পল্লৱ লোচন দাস।