যোৰহাট

৬ ছেপ্টেম্বৰ

চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যাৰ ৰহস্য ফাদিল। শনিবাৰে পুৱতি নিশা যোৰহাট জিলাৰ চন্দন নগৰৰ ৪ নং বাইলেনৰ এটা ভাড়াঘৰত ক্ষত বিক্ষত অৱস্থাত জে কে শইকীয়া হমিঅ’পেথিক মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৩৮ ঘন্টা নহওঁতেই যোৰহাট আৰক্ষীয়ে ফাদিল কৰিবলৈ সক্ষম হৈছে হত্যাৰ ৰহস্য।

শনিবাৰে নিশা যোৰহাটৰ টোকোলাই গবেষণা কেন্দ্রৰ সমীপৰ পৰা দিগন্ত তাঁতী নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য। দিগন্ত তাঁতীয়ে চিকিৎসক ৰাহুল বসুমতাৰীক হত্যা কৰাৰ পিছতেই চিকিৎসকজনৰ থান্ডাৰ্বাড মটৰ চাইকেলখন লৈ উধাও হৈছিল। দেওবাৰে যোৰহাটৰ সদৰৰ এঘৰ মানুহৰ ঘৰৰ পৰা বাইকখনৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাহুলৰ এটা বেগ। বেগটোৰ পৰা নগদ ২৭ হাজাৰ টকা, এটা ব্লুটুথ স্পিকাৰ, পাৱাৰ বেংক, দুটা ফাষ্টট্ৰেকৰ ঘড়িৰ লগতে বহু কাপোৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইফালে দিগন্ত তাঁতীৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই এটা মূল্যবান ডি এচ এল আৰ কেমেৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে সূত্ৰে জনোৱা মতে দিগন্ত তাঁতীয়ে প্ৰথমে ৰাহুল বসুমতাৰীৰ সৈতে বন্ধুত্বপূর্ণ সম্বন্ধ গডি তোলে আৰু শনিবাৰে পুৱতি নিশা চিকিৎসক ৰাহুল বসুমতাৰীক হত্যা কৰি এই সামগ্রী সমূহ লৈ উধাও হয়। অৱশ্যে আৰক্ষীয়ে কেৱল ডকাইটিৰ বাবে দিগন্ত তাঁতীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে নে ইয়াৰ পিছত আন কিবা কাৰণো আছে সেইয়া তদন্তৰ পিচতহে জানিব পৰা যাব বুলি উল্লেখ কৰিছে।