চিৰাঙ, সংবাদ ৩৬৫, ২ আগষ্টঃ বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থকিল৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত সোণোৱাল চৰকৰ গঠন হ’ল৷ পৰিৱৰ্তনকামী চৰকাৰ খনেও একেটাই ৰুপ দেখুৱালে জনসাধাৰণক৷ উন্নয়নৰ দুবছৰ উকলি গ’ল, তথাপিও উন্নয়নৰ মুখ নেদেখিলে চিৰাঙৰ বিজনীৰ শিয়ালমাৰী অঞ্চলবাসীয়ে৷ ঘৰ-সংসাৰৰ কাম বাদ দি ওলাই আহিল শিয়ালমাৰী অঞ্চলৰ মহিলা সকলে ৷ চৰকাৰৰ বাবে এক লাজলগা দৃশ্য, মহিলাই হাতে হাতে বাহঁ কঢ়িয়াই নি নিজে শ্ৰম দান কৰি মেৰামত কৰিলে পুৰনী জৰাজীৰ্ণ কাঠৰ দলং৷ কোনোবাই আকৌ হাত বাউলি দি ৰখাইছে দুচকিয়া বাহনৰ পথচাৰীৰ পৰা ১০/২০ টকাকৈ দান বৰঙনী৷ বিগত দুবছৰ পূৰ্বে সোণোৱাল চৰকাৰখনে নিৰ্মান কৰিছিল এখন পকী দলঙ৷ কিন্তু ৰাইজৰ অভিযোগ দলং খনৰ এপ্ৰচতো কোনো ধৰনৰ প্লেনী নোহোৱা কৈয়ে বিভাগীয় অভিযন্তা, ঠিকাদাৰে নিৰ্মান কৰিছিল এই দলংখন যাৰ ফলত এপ্ৰচতো ধৰা নাছিল৷ ইয়াৰ বাবে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে বৃহত্তৰ দক্ষিণ বিজনীৰ ৰাইজে৷ বিদ্যালয়ৰ কন কন ছাত্ৰ-ছাত্ৰীসকলে এই দলং খনৰ পৰা পৰি বহুবাৰ আঘাত প্ৰাপ্তও হৈছে৷ তাৰ পাছতো নিৰ্বিকাৰ প্ৰশাসন৷ সেয়ে ৰাইজে সংবাদ মাধ্যামৰ জৰিয়তে চৰকাৰক দাবী জনায় যে যাতায়তৰ বাবে দলং খন অতিশীঘ্ৰে উপযোগী কৰি মোকলাই দিয়ে যেন৷