আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩০ ছেপ্টেম্বৰ

শিৱসাগৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।জনজাতি মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদী সমদলেৰে উত্তাল কৰিলে শিৱসাগৰৰ ৰাজপথ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদনা নকৰিলে বিজেপি চৰকাৰক উচিত শিক্ষা দিয়াৰ হুংকাৰ।

জনজাতি মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসনৰ দাবীত বুধবাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ লগতে জনগোষ্টীটোৰ অন্যান্য দাবী সমূহ পুৰণৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চুতীয়া ছাত্ৰ সন্থাৰ সদস্য সকলে বিভিন্ন চৰকাৰ বিৰোধী ধ্বনীৰে উত্তাল কৰি তুলে শিৱসাগৰৰ ৰাজপথ৷ চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক সদস্যই শিৱসাগৰ নগৰৰ কালী প্ৰসাদ সোঁৱৰণী ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই শাসনাধিষ্ঠ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

প্ৰতিবাদকাৰী সকলে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন দাবী পূৰণৰ বাবে প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে। অসমৰ সকলোতকৈ পুৰণি খিলঞ্জীয়া জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰ প্ৰদানৰ আহবান জনাই চুতীয়া ছাত্ৰ সন্থাৰ সদস্য সকলে আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবী পুৰণ নহ’লে বিজেপি চৰকাকৰ উচিত শিক্ষা দিয়াৰো হুংকাৰ দিয়ে।