আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

৮ অক্টোবৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি হোৱা মোবাইল ফোন সমূহ বিক্ৰী কৰা হয় ভাৰত-বাংলাদেশ সীমান্তৰ বিভিন্ন অঞ্চলত। বহু মোবাইল ফোন বাংলাদেশলৈও চালন দিয়াৰ সন্দেহ। আৰক্ষীৰ জলত পৰিছে এইবাৰ মোবাইল ফোন সৰবৰাহকাৰী চক্ৰৰ চাৰি সদস্য।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সুখচৰত ১২ টা মোবাইল ফোন আৰু এটা মটৰ চাইকেলসহ চাৰি গৰাকী মোবাইল ফোন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে হাজিৰহাট নয়া বজাৰৰ পৰা ১২ টা মোবাইল ফোন আৰু এটা মটৰ চাইকেল জব্দ কৰাৰ লগতে চাৰি গৰাকী মোবাইল ফোন সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰী চাৰিজন ক্ৰমে শাজু মিঞা, ছাইদুল ইছলাম, মফিদুল ইছলাম আৰু ছপিকুল ইছলাম বুলি জানিব পৰা গৈছে। হাজিৰহাট নয়া বজাৰত থকা ছপিকুল ইছলামৰ দোকানত চুৰিৰ মোবাইল ফোন সমূহ জমা ৰাখি দোকানখনৰ পৰাই ভাৰত-বাংলাদেশ সীমান্তৰ ভিতৰুৱা অঞ্চলত সমূহত বিক্ৰী কৰা হৈছিল।

উল্লেখ্য যে ধুবুৰী, মানকাচৰ আৰু গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলত চুৰি হোৱা মোবাইল ফোন সমূহ কিছুমান সৰবৰাহকাৰীয়ে ভিতৰুৱা অঞ্চল সমূহলৈ আনি বিক্ৰী কৰে। বিভিন্ন সময়ত এই মোবাইল ফোন সমূহ চোৰাংভাৱে বাংলাদেশলৈও চালান দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে বহুতে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী কেইজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।