মুস্তাক আহমেদ

জুৰীয়া

২৯ অক্টোবৰ

বিধায়ক নুৰুল হুদাৰ বিৰূদ্ধে ভয়ংকৰ অভিযোগ। ৰূপহী হাটত ২০১৮-২০১৯ চনৰ চোহিৰদ আঁচনিৰ ধন ব্যাপক অনিয়মৰ অভিযোগ নুৰুল হুদাৰ বিৰূদ্ধে। অনিয়মকলৈ সৰৱ হৈ পৰিছে এ আই ইউ ডি এফ।

বিগত সময়ত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত চৰকাৰী বিভিন্ন আঁচনিত সংঘটিত হোৱা অনিয়মৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহাৰ সময়ত সমষ্টিটোৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ানক দূৰ্নীতিৰ অভিযোগ। অভিযোগ উত্থাপন কৰিছে ৰূপহীহাটৰ এ আই ইউ ডিএফে। বৃস্পতিবাৰে আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ৰূপহীহাটৰ দলীয় কৰ্মী সকলক লৈ এক সংবাদমেল আয়োজন কৰি সমষ্টিটোৰ বিধায়ক পুঁজিত সংঘটিত হোৱা অনিয়মৰ অভিযোগ তথ্যসহকাৰে তুলি ধৰে। সংবাদ মেলত চৌধুৰীয়ে বিধায়ক নুৰুল হুদাই ‘চোহিৰদ’ আঁচনিৰ ধনত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। ৰূপহীহাট সমষ্টিত ২০১৮-২০১৯ চনৰ ‘চোহিৰদ’ৰ আঁচনিৰ ধন যুৱ কংগ্ৰেছী সকলে লাভ কৰা বুলি তথ্যসহকাৰে অভিযোগ উত্থাপন কৰে এ আই ইউ ডি এফ দলৰ নেতা গৰাকীয়ে।

সংবাদ মেলত এ আই ইউ ডি এফৰ যুৱ মৰ্চাৰ সমষ্টি কমিটিৰ সভাপতি ৰফিকুল ইছলামে বিধায়ক নুৰুল হুদাই ‘চোহিৰদ’ আঁচনিৰ ধন আত্মহাত কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰে ইয়াৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ আহ্বান জনাই। চৰকাৰে এই ক্ষেত্ৰত অতি শীঘ্ৰে তদন্ত আৰম্ভ নকৰিলে এ আই ইউ ডি এফে গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও ভাবুকি প্ৰদান কৰে।