বকো, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ: ট্ৰেজিক ব্ৰহ্মপুত্ৰ অৰ্থাৎ মহাবহু ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ আভ্যন্তৰীন জল পৰিবহন বিভাগে নৈ সমূহত ভূটভূটী সেৱা বন্ধ কৰি দিয়া হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ উত্তপ্ত হৈ পৰে নগৰবেৰাৰ দোকুচি ভখুৰাদিয়া ৰঙ্গেশ্বৰী পিজুপাৰা পাৰঘাট। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ সকলো মাধ্যমৰ কেন্দ্ৰস্থল নগৰবেৰা। মাত্ৰ এঘন্টাৰ বাবে পাৰাপাৰ বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰে জনজীৱন। শনিবাৰে কিছুসময়ৰ বাবে ব্যক্তিগত নৌকা চলাচল বন্ধ কৰি দিয়াৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধ কৰাৰ পাছত একাংশ উত্তেজিত ৰাইজে জলজলী নৈৰ পাৰতে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত ৰাইজে  হাতে হাতে বাহ লৈ সাকো বান্ধি পুনৰ নৌকা চলাচলৰ ব্যৱস্থা কৰে। ইমানৰ পিছতো চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহন নকৰাত ক্ষুব্ধ হৈ ৰাইজে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। অচিৰেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি পুনৰ বিভাগীয় ভাৱে ভূটভূটী চলাচল আৰম্ভ কৰিবলৈ সজোৰে দাবী জনায় উত্তেজিত ৰাইজে। অঞ্চলটোৰ নিৰীহ জনতাৰ এই দাবীৰ প্ৰতি লক্ষ্য কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লব নে নাই সেয়াহে হব লক্ষণীয়।