ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতাৰে তামুলপুৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

In ৰাজ্য

তামুলপুৰ, সংবাদ ৩৬৫, ১১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদগীৰণৰ জুই অব্যাহত থকাৰ সময়তে আনহাতে অন্য এক বিতৰ্কিত বিষয় ছয় জনগোষ্ঠীৰ জন জাতিকৰণৰ বিৰোধীতাৰেও ৰাজ্যজুৰি তীব্র প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। শুকুৰবাৰে ছয় জনগোষ্ঠীৰ জন জাতিকৰণৰ বিৰুদ্ধে আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ ঠায়ে ঠায়ে পৰিলক্ষিত হয়। তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্ততো এবছু, আৰছু, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘই ৰাজপথ অবৰোধ কৰি টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰৰ দোকান পোহাৰ, সাপ্তাহিক বজাৰ, যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। বন্ধৰ সময়ছোৱাত কোনোধৰনৰ অপ্ৰীতীকৰ ঘটনা সংঘটিত হোৱাৰ কোনো খবৰ পোৱা নাই। আক্ৰাছুৰ এই অসম বন্ধত সষ্টম হৈ থাকে তামুলপুৰ মহকুমা প্ৰশাসন ৷

Comments

comments

You may also read!

অসম নাগৰিক সমাজৰ উদ্যোগত দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : চৰকাৰৰ ভণ্ডামিৰ বিষয়ে অসমৰ যুৱ ছাত্ৰ সমাজে কি ভাবে এই ক্ষেত্ৰত ২৩ মাৰ্চ

Read More...

মুক বধিৰ নিৰুদ্দিষ্ট স্বামীৰ সন্ধানত পত্নীৰ পূজা-অৰ্চনা

লংকা, সংবাদ ৩৬৫, ১৯ মাৰ্চ : এগৰাকী মহিলা। নিজ ঘৰৰ চোতালত ধূপ-চাকি জ্বলাই নেদেখাজনৰ ওচৰত হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছে

Read More...

ক্ষেত্ৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ঠগ-প্ৰৱঞ্চক

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মাৰ্চ : গুৱাহাটী মহানগৰীৰ সমীপৰ ক্ষেত্ৰী আৰক্ষীয়ে মঙলবাৰে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়

Read More...

Mobile Sliding Menu