জনীয়া, সংবাদ ৩৬৫, ৭ অক্টোবৰ: বৰপেটা জিলাৰ বালিকুৰিত এছ আই বি আইৰ দ্বাৰা উদ্যম অভিলেখা আঁচনিৰ জৰিয়তে এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এই আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতী সকলক বিভিন্ন দিশত প্ৰশিক্ষণ যুগে স্বাৱলম্বী কৰিবলৈ ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰ লৈ বৰপেটা জিলাৰ বালিকুৰি অৰুণোদয় কেন্দ্ৰৰ এইচ ডি এমৰ অধীনত আয়ুব খান, কলগাছিয়া অৰুণোদয় কেন্দ্ৰৰ ৰফিজ উদ্দীন, বৰপেটা ৰোড অৰুণোদয় কেন্দ্ৰ আৰু ভক্তডুবা অৰুণোদয় কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰিবলৈ বিষেক ব্যৱস্থা লৈছে। উল্লেখিত চেণ্টাৰ সমূহ উদ্যম অভিলেখা আঁচনিৰ অধীনত বৰপেটা জিলাৰ ভিতৰত হৈছে বুলি জানিব দিয়ে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ জৰিয়তে নিবুনুৱা সমস্যাৰ ক্ষেত্ৰত বিষেক ভূমিকা আগবঢ়াব বুলি জনাই। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য বিষয়া ব্যৱস্থাপক এছ আই ডি ভি আইৰ কে এন ডেকা অনুষ্ঠানৰ শুভাৰম্ভ কৰে আৰু লগতে থাকে ৰুণোদয় কেন্দ্ৰৰ শাখা প্ৰবন্ধক ৰেজাউল হক, সৰ্শ্বজিত পাটগিৰি শাখা প্ৰবন্দক আৰু হাসমত আলি আহমেদ জিলা সমন্বয়ক পি এম জি দিছা।