জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰক আছুৰ সকীয়ানি

In ৰাজ্য

গুৱাহাটী, সংবাদ৩৬৫, ৮ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল আছুৰ লগতে জনগোষ্ঠীয় ২৮টাকৈ সংগঠন। দিশপুৰৰ ৰাজপথ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী কণ্ঠৰে উত্তাল কৰি তুলে আছুৰ লগতে জনগোষ্ঠীয় ২৮টাকৈ সংগঠনে। মিচিং, তিৱা, ৰাভা, আদিৱাসী, গৰিয়া মৰিয়া, কাৰ্বিকে ধৰি জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতী একত্ৰিত হৈ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিলে কেন্দ্ৰই জাপি দিব বিছৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনক। দিশপুৰ প্ৰেছ ক্লাৱৰ পৰা এক বৃহৎ সমদল উলিয়াই জনতা ভৱনলৈ যাত্ৰা কৰে প্ৰতিবাদকাৰীয়ে। সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যহত থকাৰ মাজতে আজি আছু নেতৃত্বত ২৮টাকৈ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা বিজেপি চৰকাৰক প্ৰতিবাদীৰ চৰম সকীয়ানি অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল নকৰিলে প্ৰতিবাদ আৰু অধিক তীব্ৰ কৰা হ’ব।

Comments

comments

You may also read!

এন পি পিৰ বিধায়ক তথা সাংসদ প্ৰাৰ্থীসহ ১১জনক গুলীয়াই হত্যা এন এছ চি এনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে' : অৰুণাচল প্ৰদেশৰ টিৰাপত নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ গুলীয়াগুলী। টিৰাপ জিলাৰ

Read More...

ঈদুল-ফিতৰৰ বাবে ৪ জুনৰ পৰা ৬ জুনলৈকে এন আৰ চিৰ আপত্তি, শুনানীৰ কাম বন্ধ ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত আবেদন একাংশ সচেতন নাগৰিকৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে' : এন আৰ চিৰ প্ৰক্ৰিয়াত ভুৱা আপত্তি তথা আপত্তি প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ প্ৰসংগকলৈ সচেতন মহল

Read More...

বাৰেৰহনীয়া নৃত্য-গীত, আলোচনা চক্ৰৰে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে' : শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

Read More...

Mobile Sliding Menu