দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰোৱৰীস্থিত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ পুখুৰীত দেওবাৰে এটি ৬ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা কালি শনিবাৰে সন্ধিয়া ৪ বজাৰ পৰা শিশুটি সন্ধানহীন হৈ আছিল । পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল শিশুটিৰ। কিন্তু দেওবাৰে ঝাৰোৱৰীৰ ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ পুখুৰীত স্থানীয় লোকে এটি শিশুৰ মৃতদেহ প্ৰত্যক্ষ কৰে । তাৰপিছতে চিনাক্ত হয় শিশুটো । পিছত স্থানীয় ৰাইজৰ সহযোগত পলাশবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে ঝাৰোৱৰীত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱকক সোধ পোচৰ বাবে আটক কৰি থানালৈ লৈ যায় । ইফালে পৰিয়াল তথা স্থানীয় লোকৰ সন্দেহ কোনোবাই এই শিশুটিক হত্যা কৰি পুখুৰীত পেলাই দিছে। মৃত উদ্ধাৰ হোৱা শিশুটো চন্দন দাসৰ পুত্ৰ ৰূপম দাস। পৰিয়াল তথা স্থানীয় লোকে শিশুটিৰ মৃত্যু হোৱা ঘটনাটোক লৈ শীঘ্ৰে উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ।