টিহু, সংবাদ ৩৬৫, ১ আগষ্টঃ পৰিৱৰ্তনৰ শ্লোগান দি সোণোৱাল চৰকাৰখনে দিছপুৰৰ গাদী দখল কৰিব সক্ষম হয় যদিও ৰাজ্যৰ বাট-পথৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ’ল৷ উন্নয়নৰ নামত দুবছৰ উকলি যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে সাধাৰণ জনতাই৷ নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ টিহু চহৰৰ পৰা শ্মশান সংযোগী পথছোৱা জৰাজীৰ্ণ হৈ থকাৰ লগতে এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱাত যাতায়তৰ নামত যমৰ যাতনা ভুগিছে পথচাৰীয়ে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি উক্ত পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই যমৰ যাতনা ভুগাই আহিছে পথচাৰীৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক৷বহুবাৰ টিহু নগৰ সমিতিক বিষয়টো অৱগত কৰিছে যদিও আজিপৰ্য্যন্ত কাণসাৰ নাই সমিতি খনৰ৷আনহাতে,এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে  পথছোৱা৷পথ গৈ পুখুৰী সদৃহ হোৱাত পথচাৰীয়ে আহ যাহ কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে৷ ফলত উত্তেজিত হৈ বুধবাৰে পথছোৱা অৱৰোধ কৰাৰ লগতে পথৰ মাজত ভুই ৰুই টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ৷