সৰভোগ, সংবাদ ৩৬৫, ১০ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটী মহানগৰীৰ দুই যুৱক শিল্পী ক্ৰমে নীলোৎপল দাস আৰু অভিজিৎ নাথক নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া বৰপেটা জিলাৰ সৰভোগ নগৰৰ মাজ মজিয়াত যুৱ সমাজে মৌন সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মম জ্বলাই শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰে। সৰভোগ নগৰৰ গান্ধীভৱনৰ প্ৰতিবাদী মৌন সমদল উলিয়াই নগৰৰ মাজ মজিয়া হৈ পুনৰ গান্ধীভৱনৰ চৌহদত থকা মহাত্মা গান্ধীৰ আৱক্ষ মুৰ্ত্তিৰ কাষত মম জ্বলাই শ্ৰদ্ধাঞ্জলি জনায় সৰভোগ যুৱ সমাজে। প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অতি নৃশংস অাৰু অমানৱীয় ঘটনাৰ লগত জড়িত সকলো নৰপিশাচক কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় সৰভোগৰ যুৱ সমাজে।