কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১০ জুনঃ কাৰ্বি আংলঙৰ ডকমকাত দুই যুৱকৰ হত্যাকাণ্ডৰ লগত জড়িত ১৬ জনকৈ লোকক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে ঘটনাটোৰ লগত জড়িত পাঁচজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে আৰু ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰি বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰিছে ক্ৰমে বিজু বসুমতাৰী, বিশ্বৰাম স্বৰ্গীয়াৰী, ধনদা মেচ, ধনো মেচ, দীপজ্যোতি বসুমতাৰী, সৰুকণ স্বৰ্গীয়াৰী, পাংঠেং বসুমতাৰী, ৰাম স্বৰ্গীয়াৰী, উমেশ খাকলাৰী, বাবু ৰংপি, অনছ তিমুং, সঞ্জয় তেৰাং, বিদ্যাছিং ৰংপি, আনন্দ ৰংপি, ৰাজু বে’ আৰু ভূপেন্দ্ৰ তেৰাং। উল্লেখ্য যে কাৰ্বি আংলঙত ফুৰিবলৈ যোৱা গুৱাহাটীৰ অভিজিত নাথ আৰু নিলোৎপাল দাস নামৰ দুজন যুৱকক শুক্ৰবাৰে নিশা ডকমকাৰ পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত একাংশ উন্মাদ লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা কিছুদিনৰ পৰা সোপাধৰাৰ উৰাবাতৰি বিয়পি পৰাৰ ফলত এক দুভাগ্যজনক আৰু অতি নৃশংস হত্যাকাণ্ডৰ বলি হ’ব লগা হল দুজনকৈ যুৱক।