হোজাই, সংবাদ ৩৬৫, ২২ জুনঃ উৰা বাতৰি আৰু অন্ধবিশ্বাসৰ বলি হৈ গুৱাহাটীৰ দুজনকৈ যুৱকে কাৰ্বি আংলঙ জিলাৰ ডকমকাত প্ৰাণ হেৰুওৱা লগীয়া হোৱা ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উৰা বাতৰিত বিশ্বাস কৰি এনে ধৰণৰ ঘটনা যাতে পুনৰ ৰাজ্যত সংঘটিত নহয় ইয়াৰ বাবে সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে চৰকাৰেও ৰাইজক আহ্বান জনাই আহিছে। উৰা বাতৰিৰ বলি হোৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ নৃশংস হত্যাকাণ্ডই ৰাইজৰ চকু খোল খুৱাব বুলি যদিও ভবা হৈছিল কিন্তু ৰাইজ এতিয়াও উৰা বাতৰিত চকু বন্ধ কৰি বিশ্বাস কৰি আছে।

সোপাধৰাৰ উৰা বাতৰিয়ে আমাৰ মাজৰ পৰা দুজনকৈ শিল্পীক কাঢ়ি লৈ যোৱাৰ পিছত এইবাৰ চুৰৰ উৰা বাতৰি বিয়পি পৰিছে বিভিন্ন অঞ্চলত। চুৰ সোমাইছে গাঁৱত, চুৰৰ লগত আছে ৰছি, ব্লেড এই উৰা বাতৰি বিয়পি পৰাৰ পিছতেই পথভ্ৰষ্ট হৈ গাঁৱত প্ৰৱেশ কৰা এজন যুৱকৰ ওপৰত জপিয়াই পৰিল একাংশ উত্তেজিত ৰাইজ। খুটাত বান্ধি গণপ্ৰহাৰ কৰা হ’ল যুৱক জনক।এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ কোমোৰাকাটাত।অঞ্চলটোত বিগত এসপ্তাহৰ পৰা নিশা হলেই দুৰ্বিত্তই মানুহৰ ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশৰ চেষ্টা চলোৱাৰ এক উৰাবাতৰি বিয়পি পৰিছিল। এই উৰা বাতৰিত বিশ্বাস কৰি গাঁওখনত পথভ্ৰষ্ঠ হৈ প্ৰৱেশ কৰা মৰিগাওঁ জিলাৰ ৰতন বৰদলৈ নামৰ যুৱক জনক অঞ্চলবাসীয়ে চুৰ বুলি ভাবি খুটাত বান্ধি প্ৰহাৰ কৰে। মণিপুৰত কাম কৰা যুৱক জন মৰিগাঁওস্থিত নিজৰ ঘৰলৈ ৰে’লযোগে আহি থাকোঁতে ভুলতে চাপৰমুখ ৰে’ল ষ্টেচন বুলি ভাবি নিশা হোজাই ৰে’ল ষ্টেচনত নামি দিছিল আৰু পুৱাৰ ভাগত পথভ্ৰষ্ট হৈ যুৱক জন প্ৰৱেশ কৰিছিল অঞ্চলটোত। পথভ্রষ্ট হৈ অঞ্চলটোত প্ৰৱেশ কৰাৰ পিছতো একাংশ অঞ্চলবাসীয়ে যুৱকজনক চুৰ বুলি ভাবি গণপ্ৰহাৰ কৰে।

হোজাই আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এতিয়া প্ৰশ্ন হ’ল আমাৰ ৰাইজ সজাগ কেতিয়া হ’ব? ৰাইজ সজাগ হ’ব নে আন এক ডকমকা কাণ্ড সংঘটিত হোৱালৈ অপেক্ষাত থাকিব?