ছাহিদুল আলম

ডবকা

২৫ অক্টোবৰ

হোজাই জিলাৰ ডবকাত উদ্ধাৰ হৈছে এগৰাকী অপহৃতা নাবালিকা। হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে অভিযান চলাই ডবকা চাংমাজী মিকিৰগাঁৱৰ পৰা উদ্ধাৰ কৰে নাবালিকা গৰাকী৷

হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত চাংমাজী মিকিৰগাঁৱৰ পৰা হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে এক অভিযান চলাই এগৰাকী অপহৃতা নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ১৮ অক্টোবৰ তাৰিখে দক্ষিন নীলবাগানৰ পৰা আবুল হুছেইন নামৰ এজন যুৱকে নাবালিকা গৰাকীক অপহৰণ কৰি নিছিল। ঘটনা সংক্ৰান্তত নাবালিকা গৰাকীৰ পিতৃয়ে মোৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। নাবালিকা গৰাকীৰ পিতৃৰ গোচৰৰ ভিত্তিত দেওবাৰে পুৱা হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, ডবকা থানাৰ আৰক্ষী মুনীন্দ্ৰ কুমাৰ বৰা আৰু চাইল্ড লাইনে চাংমাজী মিকিৰগাঁৱৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰে।

নাবালিকা গৰাকীৰ অপহৰণকাৰী আবুল হুছেইন নামৰ যুৱক জনে নাবালিকা গৰাকীক চাংমাজী মিকিৰগাঁৱত লুকুৱাই ৰখাৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নামাবলিকা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু ডবকা আৰক্ষী। নামাবলিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অপহৰণকাৰী আবুল হুছেইন আটক কৰিছে৷