ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ অক্টোবৰ: ডিগবৈ সমষ্টিৰ হাপজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত লোক সম্পৰ্ক অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত জেষ্ঠ্য কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰৰ লগতে পৃথিৱী মাঝিৰ অংশগ্ৰহণ কৰে। মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰে ভাষণ প্ৰসংগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনক মিছলিয়া বুলি আখ্যা দিয়াৰ লগতে চৰকাৰখনে অসমবাসীক কিদৰে ঠগি আহিছে, বাংলাদেশী খেদি পঠিওৱা চৰকাৰে আকৌ কি দৰে হিন্দু বাংলাদেশী অনাৰ চক্ৰান্তত নামি পৰিছে তাক লৈ বিৰূপ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰে। ইয়াৰোপৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্দেশনাত তিনিচুকীয়া জিলাৰ কংগ্ৰেছ কমিটিৰ দ্বাৰা লোক সম্পৰ্ক অভিযানৰ শুভাৰম্ভণি অনুস্থানতে শতাধিক জেষ্ঠ্য কংগ্ৰেছী কৰ্মকতাক একোখনকৈ গামোচাৰ উপৰিও একোখনকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই।