ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: দেওবাৰে ডিগবৈৰ পাৱৈ উড়িয়া সমাজৰ উদ্যোগত আৰু পাৱৈ স্থানীয় ৰাইজৰ সহযোগত পাৱৈ চাহ বাগিচাৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে উড়িয়া “নোৱাখাই” ভেট ঘাট উৎসৱ পালন কৰা হয়। ভাদ মাহৰ শুক্ল পঞ্চমীৰ লগে লগে তথা গণেশ চতুৰ্থীৰ শুভ আগমন ঘটাৰ পিছ দিনৰে পৰাই উড়িয়া সম্প্ৰদায়ৰ লোকসকলে নতুন শস্য হিচাপে খেতিৰ পৰা নতুন ধান কাটি তাৰে প্ৰথম অংশ লক্ষীদেৱী, সূৰ্য্য দেৱতা, মাতৃভূমি, দেৱ দেৱী সকলক তথা পূৰ্বপূৰুষ সকলক অৰ্পণ কৰে। আৰু ‘নোৱাখাই’ উপলক্ষেই দেওবাৰে সকলো ৰাইজে একগোট হৈ প্ৰতিবছৰৰ দৰে এই বছৰো এই নোৱাখাই উৎসৱটি সমূহীয়াকৈ উদযাপন কৰে পাৱৈ চাহ বাগিচাৰ প্ৰাঙ্গনত।