ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত ডিগবৈ তিনিআলিৰ শ্বহীদ বেদীৰ সমীপত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান আৰু বহু লক্ষাধিক টকা জুইত ভস্মীভূত হয়। সুনীল দেৱনাথৰ ব্যৱসায়ীক প্রতিষ্ঠান আৰু ঘৰ একেলগতে আছিল। সুনীল দেৱনাথৰ ঘৰৰ পৰাই শ্বট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল বুলি সন্দেহ প্রকাশ কৰিছে স্থানীয় লোকে । সুনীল দেৱনাথৰ লগতে গৌতম পাল আৰু চন্দন পালৰ ব্যৱসায়ীক প্রতিষ্ঠানো সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। প্ৰায় লাখ-লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়। পাছত ডিগবৈ শোধনাগাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয়।