ৰঙিয়া, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ ডিমা হাছাওৰ ঘটনাকলৈ ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ডিমা হাছাওৰ ঘটনাৰ লগত কংগ্ৰেছ জড়িত থকাৰ অভিযোগক অস্বীকাৰ কৰি ৰিপুণ বৰাই চন্দ্ৰমোহন পাটোৱাৰীক সাহস আছে যদি প্ৰমাণ কৰাৰ প্ৰত্যাহ্বান জনায়। ডিমা হাছাওৰ ঘটনাৰ লগত যদি কংগ্ৰেছ জড়িত তেন্তে ডিমা হাছাওৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কিয় নিলম্বন কৰা হল আৰু কংগ্ৰেছী মানুহক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি বৰাই প্ৰশ্ন কৰে। ডিমা হাছাওৰ সমস্যা বিজেপিয়ে সৃষ্টি কৰিছে আৰু ২০১৫ চনত হোৱা চুক্তি আজিলৈকে কিয় ৰাজহুৱা কৰা হোৱা নাই বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই। ৰঙিয়াত কংগ্ৰেছৰ পঞ্চায়ত অভিবৰ্তন আৰু যোগদান সমাৰোহৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰিপুন বৰাই বিজেপি দলতোৰ লগতে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উভতি ধৰে। ৰঙিয়াৰ সমাৰোহত এআইইউডিএফৰ প্ৰায় এক হাজাৰ নেতা কৰ্মীৰ লগতে চিপিএম আৰু এজিপিৰ শতাধিক কৰ্মীয়ে দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কৰা কৰ্মীসকলক কংগ্ৰেছ দললৈ আদৰি আনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসকে ধৰি কংগ্ৰেছ দলৰ কেইবাজনো নেতাই। ৰিপুণ বৰাই সমাৰোহত ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই সভাপতিত্ব কৰা সভাখনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি মিছলীয়াৰ চৰকাৰ আখ্যা দিয়ে।