বৰপেটাৰোড¸ সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰা তালিকাত ডি ভোটাৰৰ নাগৰিকক কেনেদৰে হাৰাশাস্তি কৰি থকা হৈছে সেই সম্পৰ্কে শুক্ৰবাৰে আবেলি ৫ বজাত বৰপেটা জিলাৰ বগুৰিগুৰীৰ নয়ন বজাৰত স্থানীয় যুৱক আৰু শ্বদেশী ডি ভোটাৰ আৰু এছোচিয়েচন ফৰ প্ৰতেকচন অফ ইণ্ডিয়ান চিটিজেনচিপ ৰাইটছ (এ পি আই চি আৰ) ৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ¸ উপদেষ্টা জাহিদুল ইছলাম মিৰ্ধাই উক্ত সভাত উপস্থিত থাকি ডি ভোটাৰ সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে। তিনি শতাধীক ডি ভোটাৰ আৰু সতি-সন্তুতিৰ উপস্থিতিত অনুষ্ঠিত সভাত ডি ভোটাৰসকলক এনআৰচিৰ জৰিয়তে সমাধানসূত্ৰ প্ৰদান কৰা¸ বিদেশী ন্যাধীকৰণসমূহক উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান বা নিৰিক্ষণত পৰিচালনা কৰি ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰা¸ ডিটেনশ্বন কেম্পত থকা অবৈধ নাগৰিকক নিজৰ দেশলৈ পঠাই দি ভাৰতীয় লোকক মুকলি কৰি দিয়ালৈকে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে চোৱা¸ দৰিদ্ৰ তথা ভাৰতীয় হিচাপে চিনাক্ত ডি ভোটাৰক চৰকাৰী সাহায্য প্ৰদান কৰা আদি দাবী উত্থাপন কৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা উল্লেখ কৰে। সভাত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি¸ শিক্ষিত যুৱকৰ লগতে বহু সংখ্যক মহিলাই অংশ গ্ৰহণ কৰে। উল্লেখ্য যে উপৰোল্লেখিত দাবীৰ সমৰ্থনত ইতিমধ্যে এ পি আই চি আৰৰ উদ্যোগত অক্টোবৰ মাহৰ ১ তাৰিখে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি জনাইছে সাধাৰণ সম্পাদক আহমেদে।