বৰপেটা, সংবাদ ৩৬৫, ১ মে’ : বৰপেটা জিলাৰ জনীয়াৰ ছাপৰা গাঁৱত আৰক্ষীৰ সন্ত্ৰাস। বিদেশী বুলি ঘোষণা হোৱা এগৰাকী মহিলাৰ পৰিবৰ্তে অন্য এগৰাকী মহিলা আৰু কিশোৰীক বলপূৰ্বক উঠাই লোৱাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী আতংক। ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল-সংগঠনৰ।

”ডি” ভোটৰ নামত বৈধ ভাৰতীয় নাগৰিকক অসম চৰকাৰে দৈনিক অমানৱীয় হাৰাশাস্তি কৰি অহা কোনো নতুন কথা নহয় যদিও সম্প্ৰতি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বিভাগে ‘ডি’ ভোটৰ গইনা লৈ সংখ্যালঘু অধ্যুষিত এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

আদালতৰ পৰা ঘোষণা কৰা বৰপেটাৰ ছাপৰা গাওঁৰ এগৰাকী বিদেশীক কৰায়ত্ত কৰিবলৈ গৈ আনোৱাৰা খাতুন নামৰ অন্য এগৰাকী মহিলা আৰু মহিলা গৰাকীক টানি ধৰা এজনী কিশোৰীক মহিলা পুলিচ নোহোৱাকৈ পথাৰৰ পৰা চোঁচৰাই বলপূৰ্বক উঠাই লবলৈ চেষ্টা কৰে। পিছত আনোৱাৰা খাতুন আৰু কিশোৰী গৰাকী চিঞৰি চিঞৰি কন্দা-কটা কৰাত একাংশ সচেতন ৰাইজে সৰু ছোৱালী জনীৰ লগতে বৃদ্ধা গৰাকীক কি কাৰণত লৈ যোৱা হৈছে বুলি প্ৰশ্ন কৰাত ‘ডি’ ভোটাৰ আৰু ফৰেনাৰ্চ ঘোষণা হোৱাৰ কাৰণে লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে উত্তৰ দিয়ে।

এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা মহিলা গৰাকী আৰু ভোট নোহোৱা ১৬ বছৰীয়া কিশোৰী গৰাকী ‘ডি’ভোটাৰ হ’ব নোৱাৰে বুলি ৰাইজে বাধা প্ৰদান কৰাত আৰক্ষী আৰু ৰাইজৰ মাজত ঠেলা হেঁচা হোৱাৰ লগতে মহিলা গৰাকী আৰু কিশোৰী গৰাকীক লৈ যোৱাত বাধা প্ৰদান কৰে। ফলত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় বুলি জানিবলৈ দিয়ে ৰাইজে। ইয়াক লৈ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

উক্ত ঘটনাৰ সন্দৰ্ভত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ(আমছু) ৰ লগতে ৰাইজে বৰপেটাৰ আৰক্ষীৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনা সন্দৰ্ভত যদি পুণৰ বাৰ এজনো মানুহ ছাপৰা গাঁৱৰ আৰক্ষীয়ে কৰায়ত্ব কৰে তেন্তে আমছুৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ উমৈহতীয়া উদ্যোগত বৃহত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।