গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জানুৱাৰীঃ  গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে ড্ৰোন দৃষ্টি ৰাখিছে মহানগৰী গুৱাহাটীৰ বিভিন্ন স্থানত। ৰাজধানী মহানগৰ গুৱাহাটীত যাতে উগ্ৰপন্থীয়ে কোনোধৰণৰ কোটাঘাতমূলক কাৰ্য সংঘটিত নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে মহানগৰীৰ আকাশত উৰুৱাইছে ড্ৰোন।সমগ্ৰহ দেশৰ লগতে শুক্ৰবাৰে অসমতো উদযাপন কৰা হব গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত যাতে কোনোধৰণৰ উগ্ৰপন্থীমূলক কোটাঘাত সংঘটিত নহয় তাৰ বাবে মাহনাগাৰ আৰক্ষীয়ে কেইবাখলপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। বিশেষকৈ ৰাজধানী গুৱাহাটীৰ স্পৰ্শকাতৰ এলেকাসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনীৰ সংখ্যা। মহানগৰ আৰক্ষীয়ে গণৰাজ্য দিৱসত উগ্ৰপন্থীৰ গতি বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে আকাশত উৰুৱাইছে ড্ৰোণ। ড্ৰোণৰ লাগে লাগে সমান্তৰালভাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দিনে নিশাই অব্যহত ৰাখিছে মহানগৰীৰ ভিতৰলৈ সোমোৱা প্ৰতিটো বাহনৰ নিৰীক্ষণ। বুধবাৰে অৰুণাচলত সেনাৰ ওপৰত উগ্ৰপন্থী সংগঠনে চলোৱা আক্ৰমণৰ পিছত অসম আৰক্ষীয়ে ৰাজ্যত শান্তিপূৰ্ণভাবে গণৰাজ্য দিৱস উদযাপনৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তুলিছে। মহানগৰী গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় খেল পথাৰখন সজাই তোলা হৈছে গণৰাজ্য দিৱস উদযাপন বাবে। শুক্ৰবাৰে পুৱাৰ ভাগত ৰাজ্যপাল জগদীশ মুখীয়ে পতাকা উত্তোলন কৰিব পশু চিকিৎসালয় খেল পথাৰত।