তামুলপুৰ: সংবাদ ৩৬৫, ৬ অক্টোবৰ: মহিলা আত্ম সহায়ক গোট সমুহৰ নিজস্ব পৰিকল্পনা লাগিব ৷ এই পৰিকল্পনাৰে আগবাঢ়ি কাম কৰি গলেহে প্ৰকৃতাৰ্থত মহিলা সৱলীকৰনেৰে গ্ৰাম্য অৰ্থনীতি সবল হ’ব। সেয়ে মহিলা সকলে এক সুস্হিৰ কৰ্মসংস্কৃতিৰে আগবাঢ়ি হাতে কামে লাগি গ’লেহে অসম চৰকাৰৰ গ্ৰাম্য জীৱিকা অভিযান আঁচনি খন সফল হ’ব এই মন্তব্য তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ ৷ অসম চৰকাৰৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত কনকলতা মহিলা সবলীকৰন আঁচনিৰ দ্বাৰা তামুলপুৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোট সমুহৰ মাজত ঘূৰ্নীয়মান পুজিৰ ধন বিতৰন কৰা উপলক্ষে শনিবাৰে দুপৰীয়া তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কনকলতা মহিলা সবলীকৰন সমাৰোহত মুখ্য অতিথিৰ আসন অলংকৃত কৰি বিধায়ক গৰাকীয়ে পুনৰ কয় যে চৰকাৰৰ আঁচনি সমুহৰ সফল হব লাগিলে আমাৰ সকলোৰে আন্তৰিকতাৰ প্ৰয়োজন ৷ একাগ্ৰতাৰে কনকলতা মহিলা সবলীকৰন আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰি আঁচনি খনৰ ৰূপায়নত সকলোৱে গুৰুত্ব দিয়ক ৷ তেতিয়া চৰকাৰে নিশ্চয় আত্মসহায়ক গোট সমুহক আৰু অধিক পুজি আবন্টন দিবলৈ সক্ষম হ’ব ৷ জীৱিকা সখি প্ৰনীতা উপাধ্যায়ে আঁত ধৰা সমাৰোহ খনৰ উদ্দেশ্য ব্যাখ্যা কৰে তামুলপুৰ উন্নয়ন খণ্ডৰ ৰাজ্যিক গ্ৰাম্য জীৱিক অভিযানৰ প্ৰকল্প পৰিচালক দিলিজান ৱৰগয়াৰীয়ে ৷সমাৰোহত বি টি চি ৰ ৰেচম আৰু হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো তামুলপুৰ উন্নয়ন খণ্ডৰ টি চি এল চি চিৰ অধ্যক্ষ সূভাষ বসুমতাৰী সম্প্ৰসাৰন বিষয়াৱ উদাংশ্ৰ কছাৰীয়েও মহিলা আত্মসহায়ক গোট সমুহৰ সবকৰনৰ ওপৰত বক্তব্য ৰাখে ৷ সমাৰোহত একাউন্ট বিষয়া অনিল মেধি অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সমন্বয়ক জিতেন্দ্ৰ কলিতা, ভৱদত্ত নাৰ্জাৰী জীৱিকা সখী সকল উপস্থিত থাকে ৷ তামুলপুৰ উন্নয়ন খণ্ডৰ ২৮৮ টা আত্মসহায়ক গোটৰ ডেৰ সহস্ৰাধিক মহিলা সদস্যা উপস্থিত থাকে। শনিবাৰে এই কনকলতা মহিলা সবলীকৰন সমাৰোহত আঁচনি খনৰ অধীনত ২৬ লাখ ৫০ হেজাৰ টকাৰ পুজি আৱন্টন পত্ৰ বিতৰন কৰে বিধায়ক ইমানুৱেল মছাহাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো প্ৰমুখ্যে আন উপস্থিত থকা অতিথি সকলে ৷ সমাৰোহত আত্মসহায়ক গোটৰ সদস্যা জীৱিকা সখি সকলে গীত মাত নৃত্য পৰিবেশন কৰি সমৰোহখনি জীপাল কৰি তোলে ৷