বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২৯ মেঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰীত মঙলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বায়খো উৎসৱ উদযাপন কৰা হৈছে। কৃষিজীৱি ৰাভা সকলে পৰম্পৰাগত ভাৱে জেঠ মাহৰ পূৰ্ণিমা তিথিত বায়খো পূজা উদযাপন কৰে। দক্ষিণপৰাৰ গোৱালপাৰা, দূধনৈ, মেঘালয়ত বসবাস কৰা ৰাভা লোকসকলে বায়খো পূজা উদযাপন কৰি আছিল যদিও বৰ্তমান উত্তৰপাৰৰ ৰাভা সকলে বায়খো পূজা উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। মঙলবাৰে পূৱাৰে পৰা জামুগুৰী অঞ্চলৰ ৰাভা সকলে পৰম্পৰাগত ৰীতি নীতিৰে গাহৰি বলি দি মন্ত্ৰ উচ্চাৰণৰে পূজা অৰ্চনা কৰে। লোকে লোকাৰ্ণ হৈ পৰা এই পূজাত ১১ বজাত আলোচনাচক্ৰ বিষয় বায়খো পূজাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ এক বিশ্লেষণাত্মক অধ্যয়ন আলোচক হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা, আবেলি ৪ বজাত মহিলা সকলৰ লেৱা টনা খেল অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৭ বজাত খোকছি নৃত্য (জুইত ওপৰত কৰা নৃত্য) আয়োজন কৰা কৰা হ’ব। আনহাতে অহাকালি বুধবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বায়খো উৎসৱ উদযাপন সমিতিৰ সভাপতি বীৰেণ ৰাভাই। ১১ বজাত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী। আবেলি ৩ বজাত ৰাভা আৰ্টিষ্ট ফৰামৰ তৃতীয় বাৰ্ষিক গেট টুগেদাৰ মুকলি অন্তৰংগ আলাপ অনুষ্ঠানৰ সঞ্চালন কৰিব অসমীয়া বোলছবি পৰিচালক অৰূপজ্যোতি ৰাভাই। সন্ধিয়া ৬ বজাত সন্মিলিত ৰাভা কলা কুশলীৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এলচিএলএ বিজিৎ গোৰা নাৰ্জাৰীয়ে।