বাক্সা, সংবাদ ৩৬৫, ১৩ জুনঃ বাক্সা আৰু নলবাৰী জিলাৰ অন্তৰ্গত তামুলপুৰ-ঘগ্ৰাপাৰ গৰকাপ্তানী পথটো জনসাধাৰণৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈ আহিছে যদিও এই পথটোৰ তামুলপুৰৰ ঘগ্ৰাচকৰ পৰা গোঁসাইকমল আলিলৈকে প্ৰায় ৮ কিলোমিটাৰ বিধ্বস্ত হৈ পৰাত ৰাইজক অতিকৈ জলাকলা খুৱাই আহিছে। পথচোৱাৰ মাজে মাজে সৃষ্টি হোৱা একো একোটা প্ৰকাণ্ড গাঁতৰ বাবে পথচোৱাৰে নিতৌ স্কুল কলেজলৈ যোৱা ছাত্র-ছাত্ৰী, ৰোগীকে ধৰি সৰ্বসাধাৰণ ৰাইজ যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে পথচোৱা মেৰামতি অথবা পুণৰ নিৰ্মাণৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰি আহিছে যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু জন প্ৰতিনিধিয়ে কোনোধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জয় পাঠক আৰু সাধাৰণ সম্পাদক ৰিংকু তালুকদাৰৰ নেতৃত্বত যোৱা আছুৰ এটা সজাতি দলে বুধবাৰে পথচোৱা মেৰামতি অথবা পুণৰ নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে বাক্সা জিলাৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
![](https://sangbad365.com/wp-content/uploads/2018/06/IMG-20180613-WA0096.jpg)