তিতাবৰ, সংবাদ ৩৬৫, ৭ জুনঃ অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল তিতাবৰৰ ২ নং ফুলবাৰীত বৃহস্পতিবাৰে সোপাধৰাই ১০ বছৰীয়া কিশোৰীক এগৰাকীক অপহৰণৰ চেষ্টা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে তিতাবৰৰ ২নং ফুলবাৰী প্ৰাৰ্থমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাই থকা অৱস্থাত দুজন ক’লা পোছাক ধাৰী অচিনাক্ত ব্যক্তিয়ে ঘৰৰ পিছফালৰ নগা পাহাৰৰ পৰা নামি আহি কিশোৰী গৰাকীৰ ঘৰত পানী খাবলৈ সোমাই ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীৰ মুখত সোপা দি হাত-ভৰি বান্ধি নগা পাহাৰৰ ওপৰলৈ লৈ যায়। কিছু দূৰ পাহাৰৰ ওপৰলৈ যোৱাৰ পিছত লোক দুজনে কিশোৰী গৰাকীক অচেতন কৰিবলৈ বেজী প্ৰয়োগ কৰিবলৈ লোৱা সময়তে কিশোৰী গৰাকীয়ে দুৰ্বৃত্তৰ হাতত কামুৰি নিজৰ প্ৰাণ ৰক্ষা বাবে চিঞৰিবলৈ ধৰাত লোক দুজন কিশোৰী গৰাকীক এৰি পলায়ন কৰে। কিশোৰী গৰাকীৰ চিঞৰ শুনি স্থানীয় কিছুমান ৰাইজ পাহাৰলৈ গৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰে। কিশোৰী গৰাকীয়ে জানিবলৈ দিয়া মতে কিশোৰী গৰাকীক অপহৰণৰ চেষ্টা কৰা লোক দুজনৰ হাতত বস্তা, কেচি, বেজী, খুকুৰী, কটাৰীৰ লগতে ঔষধ জাতীয় কিছুমান সামগ্ৰী আছিল। বৰ্তমান ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ তিতাবৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।