বৰপেটা

১১ অক্টোবৰ

তিনি বছৰে সম্পূৰ্ণ হৈ নুঠিল কোকিলা-গুনিয়ালগুৰি সংযোগী পকী দলং। বিকল্প বাহঁৰ জৰাজীৰ্ণ সাকোঁয়েদি যাতায়ত কৰোতে প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। কুম্ভকৰ্ণ নিদ্ৰাত বঙাইগাঁও জিলা প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধি। গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ।

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল কোকিলা-গুনিয়ালগুৰি সংযোগী নিৰ্মীয়মান পকী দলংখন সম্পূৰ্ণ হৈ নুঠাত যাতায়ত ক্ষেত্ৰত যমৰ যাতনাত ভুগিব লগা হৈছে ৰাইজ। ২০১৭-২০১৮ বৰ্ষত উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰিকে দলংখন নিৰ্মাণৰ কামৰ শুভ উদ্ভোধন কৰে যদিও বঙাইগাঁও জিলা গঢ়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলাতিৰ বাবেই দলংৰ কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি ৰাইজে অভিযোগ কৰিছে। তাৰোপৰি ৰাইজৰ যাতায়তৰ বাবে বিকল্প বাহঁৰ সাকোঁ আছে যদিও সাকোঁখন জহি খহি যোৱাত বহুত কষ্টৰে ৰাইজে যাতায়ত কৰা দেখা গৈছে। মেৰামতি নকৰাৰ ফলত মাজে সময়ে ভঙা সাকোঁৰ পৰা পৰি ইতিমধ্যে কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে। দলংখন নিৰ্মাণত হোৱা দুৰ্নীতি আৰু হেমাহিৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছে যদিও বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰে কোনো ধৰনৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

দলংখন নিৰ্মাণৰ ক্ষেত্রত স্থানীয় বিধায়ক আৰু সাংসদৰ ভুমিকাতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বিধায় আৰু সাংসদৰ ওপৰত আস্থা হেৰুৱাই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টি কামনা কৰিছে অঞ্চলটোৰ ৰাইজে।