তেজপুৰ, সংবাদ ৩৬৫, ২৫ জুনঃ শোণিতপুৰ জিলাৰ তেজপুৰত এজন আধুনিক পৰশুৰামৰূপী পুত্ৰই জন্ম দিয়া মাতৃক নৃশংস ভাৱে হত্যা কৰি কোৱাত পেলাই দিয়া বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে তেজপুৰ সদৰ থানাৰ অন্তগত পৰবতীয়া সাউদৰ চুবুৰীৰ ধ্ৰুব্ৰ বৰা নামৰ এজন যুৱকে মাতৃ সৰুমাই বৰাক দেওবাৰে নিশা নৃশংস ভাৱে হত্যা কৰি মুৰটো বাহনীত আৰু দেহটো নিজা ঘৰৰ কুৱাত পেলাই দিয়ে। হত্যাকাৰী পুত্ৰ জনে দেওবাৰে নিশাৰ পৰা মাতৃ সৰুমাই বৰা সন্ধানহীন বুলি স্থানীয় ৰাইজক কয় যদিও চুবুৰীয়া কিছুমান লোকে সৰুমাই বৰাৰ মুৰটো বাহনীৰ মাজত প্ৰত্যক্ষ কৰি মাতৃ হত্যাকাৰী ধ্ৰুব্য বৰাক আটক কৰি উত্তম মাধ্যম দিয়াত মদ কিনাত বাবে টকা নিদিয়াৰ বাবে মাকক হত্য কৰা বুলি স্বীকাৰ কৰে। হত্যাকাৰী পুত্ৰ ধ্ৰুব্ৰ বৰাৰ তথ্যৰ ভিত্তিত ঘৰৰ কুৱাৰ পৰা সৰুমই বৰাৰ দেহৰ অন্য অংশ আৰক্ষীয়ে উদ্ধাৰ কৰি মাতৃ হত্যাকাৰী পুত্ৰ ধ্ৰুৱ বৰাক আটক কৰি নিজৰ জিম্মাত লৈছে।