তেজপুৰ, সংবাদ ৩৬৫, ৬ অক্টোবৰ: বিগত তিনি বছৰে তেজপুৰ ডিটেনশ্বন কেম্পত আবদ্ধ হৈ ওদালগুৰি জিলাৰ বাসিন্ধা জব্বৰ আলিৰ ডিটেনশ্বন কেম্পত মৃত্যু হোৱাৰ প্ৰতিবাদত শনিবাৰে ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই। উল্লেখ্য যে জব্বৰ আলিৰ ডিটেনশ্বন কেম্পত এজমা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলি জনা যায়। শ শ সদস্যৰ উপস্থিতিত মুছলিম ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰে। প্ৰতিবাদ কাৰীসকলে সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, সীমান্ত আৰক্ষী বিভাগ হুচীয়াৰ,ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰা বন্ধ কৰক ইত্যাদি শ্লোগান দি প্ৰতিবাদ কৰে। প্ৰতিবাদস্থলীত উপস্থিত থাকি সংগঠনটোৰ শিক্ষা সম্পাদক চামচুল হকে কয়ৰৌতাৰ ধানশ্ৰীখুটিৰ ঘটনাৰ প্ৰতিবাদৰ দাবী কৰি কয় যে মৃত জব্বৰ আলিৰ ভাৰতৰ নে বাংলাদেশী তাক চৰকাৰে স্পষ্ট কৰিব লাগে। জব্বৰ আলিৰ মৃত্যু ৰহস্যজনক বুলি আমাৰ সন্দেহ। যদি সঁচাকৈ এজমা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল তেতিয়াহলে বেমাৰ হোৱা অৱস্থাত পৰিয়ালৰ লোকক কিয় জনোৱা নহল। কিয় পৰিয়ালৰ লোকক এই সমগ্র ঘটনাৰ গাপ দিয়া হল।

মৃতকৰ পৰিয়ালে কেচ খেলি খেলি বৰ্তমান আৰ্থিক অৱস্থা অতি বেয়া সেয়েহে পৰিয়ালৰ লোকক ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে। সমগ্র ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। যদি ইয়াতে কোনোবা দোষী জড়িত আছে কঠোৰতকৈও কঠোৰতম শাস্তি দিব লাগে। যদি সচাকৈয়ে বাংলাদেশী আছিল তেন্তে ওদালগুৰি জিলাৰ পৰিয়ালক কিয় মৃতদেহ বুজাই দিছিল প্ৰশাসনে? বাংলাদেশক দিব লাগিছিল। এইক্ষেত্ৰত সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টভংগীৰে সীমান্ত আৰক্ষী বিভাগে কাম কৰিছে আৰু মানৱ অধিকাৰ আইন উলংঘা কৰিছে। জব্বৰ আলিৰ মৃতদেহ জানাজাহ দিবলৈ যে ৰৌতাৰ পৰিয়ালক চমজাই দিব লাগে সেইক্ষেত্ৰত সন্মানীয় আদালতৰ নিৰ্দেশ ৰাজহুৱা কৰিব লাগে। ডিটেনশ্বন কেম্পত আৱদ্ধ কৰি ৰখা সকলো ভাৰতীয়ক অতিশীঘ্ৰে আৰু বিনাচৰ্তে মুকলি কৰি দিয়ক আৰু যিসকল প্ৰকৃত বাংলাদেশী তেওঁলোকক বাংলাদেশক হস্তান্তৰ কৰক। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থাৰ উপ সভাপতি আব্দুল ৰহমান, জিলা সভাপতি আলি হাইদৰ খান, সাধাৰণ সম্পাদক নুৰ ইছলাম, ঢেকীয়াজুলি নগৰ সমিতিৰ সভাপতি ৰাজিকুল ইছলামকে আদি কৰি সংগঠনৰ বহু কৰ্মকর্তা উপস্থিত থাকে।