মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৫ জুনঃ সমগ্ৰ বিশ্বই মঙলবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে। বিশ্ব পৰিৱেশ দিৱসৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিৱেশ দিৱস পালন কৰাৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলটো মঙলবাৰৰ দিনটোত পালন কৰা হ’ল বিশ্ব পৰিৱেশ দিৱস। আজাৰাত ‘প্ৰয়াস’ নামৰ এটা স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত আজাৰাৰ বিভিন্ন অঞ্চলত গছপুলি বিতৰন কৰাৰ লগতে অঞ্চলটোৰ শিক্ষানুষ্ঠান সমুহত গছপুলি ৰোপন কৰা হয়। মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালটো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলে স্বচ্চ ভাৰত অভিযান আৰম্ভ কৰি মহাবিদ্যালয়খনৰ চৌপাশ স্বচ্চ কৰি তোলাৰ লগতে গছপুলি ৰোপন কৰে। দক্ষিণ কামৰূপ মহাবিদ্যালয় অধ্যক্ষ ড° ৰমেশ চন্দ্ৰ কলিতাই গছপুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে দক্ষিণ কামৰূপৰ ৰাণীৰ ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গড়গঢ়াৰ হীৰাপাৰাৰ খেতিয়ক ৰাইজে ব্যতিক্ৰমী ভাৱে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। ৰাইজক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ উদ্দেশ্যে হীৰাপাৰাৰ খেতিয়ক সকলে এক শোভাযাত্ৰা উলিয়াই। অঞ্চলটোৰ জেষ্ঠ খেতিয়ক উমেশ কুমাৰে শুভউদ্ধোধন কৰা পৰিৱেশ সচেতন মুলক শোভাযাত্ৰাত শতাধিক লোকে অংশ গ্ৰহন কৰে।