মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৩ জুলাইঃ দক্ষিণ কামৰূপৰ বঙৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে পুৱা এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়।এছ-০১-ডিচি-৭৫৪৭ নম্বৰৰ এখন বালিভৰ্তি ৭০৯ ট্ৰাক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এএছ-১১-বিচি-২০৭৫ নম্বৰৰ ১১০৯ ট্ৰাক এখনে প্ৰচণ্ড জোৰে বালিভৰ্তি ট্ৰাকখনত খুণ্ডা মৰাত বালিভৰ্তি ট্ৰাকত থকা ৩ জন ব্যক্তি কম-বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয়। আহত ব্যক্তি সকল ক্ৰমে ছিৰাজ আলী, গৌতম দাস আৰু গোপাল দাস বুলি জানিব পৰা গৈছে। আহত আটাইকেইজন ব্যক্তিক মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ছিৰাজ আলীৰ অৱস্থা সংকতজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।