ফজলুৰ ৰহমান

সোণতলী

১১ অক্টোবৰ

দক্ষিণ কামৰূপৰ সোণতলীত জনসংযোগ বিভাগৰ দূৰভাষ যন্ত্ৰ স্থাপন। জিলা সংযোগ বিষয়াক আদৰণি মাহতলী গাওঁপঞ্চায়তৰ।

গ্ৰামাঞ্চলৰ জনসাধাৰণ মাজত অনাতাঁৰ কেন্দ্ৰ-গুৱাহাটীৰ জৰিয়তে পৰিবেশন কৰি অহা বিভিন্ন বা-বাতৰি, চৰকাৰী বিভিন্ন জাননী, জনগণক প্ৰদান কৰিবলগীয়া কিছুমান নীতি-নিৰ্দেশনা, চৰকাৰী  সজাগতা কাৰ্যসূচী আদিৰ সম্পৰ্কত প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ জনসংযোগ বিভাগে দক্ষিণ কামৰূপৰ সোণতলীত স্থাপন কৰে এটি দূৰভাষ যন্ত্ৰ৷ কামৰূপ জিলাৰ সংখ্যালঘু অধ্যুষিত বৃহত্তৰ সোণতলী বজাৰত কামৰূপ জিলা জনসংযোগ বিভাগে দেওবাৰে  স্থাপন কৰে বকো সমষ্টিৰ ভিতৰত একমাত্ৰ এই দূৰভাষন যন্ত্ৰ৷ কামৰূপ জিলা জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাস আৰু কাৰিকৰী পৰিচালক তপন কুমাৰ দাসৰ উপস্থিতিত সোণতলী মেডিকেল চ’কৰ পৰা মাহতলী বজাৰ এলেকা সামৰি মাইক সংযোগ কৰি স্থাপন কৰা দূৰভাষ যন্ত্ৰটো মাহতলী গাওঁপঞ্চায়তৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হ’ব৷ ইফালে, এই দূৰভাষ যন্ত্ৰ স্থাপন উপলক্ষ্যে মাহতলী গাওঁপঞ্চায়তৰ কাৰ্যালয়ত আনুষ্টুপীয়াকৈ এটি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ মাহতলী গাওঁপঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, কাউন্সিলাৰ মইনুল হক, সচিব জাহাংগীৰ আলম প্ৰমূখ্যে সদস্য-সদস্যা আৰু কেবাজনো বিশিষ্ঠ ব্যক্তিৰ উপস্থিতিত জিলা জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাস আৰু কাৰিকৰী পৰিচালক তপন কুমাৰ দাসক আদৰণি জনোৱা হয়৷

ইপিনে, অসম চৰকাৰৰ জনসংযোগ বিভাগৰ এই পদক্ষেপক আদৰণি জনায় মাহতলী গাওঁপঞ্চায়তৰ প্ৰতিনিধিয়ে সকলে৷